দৌলৎসৱৰ আনন্দ-উল্লাসৰ মাজতে আমিনগাওঁৰ জয়গুৰুত ভয়ংকৰ দূৰ্ঘটনা।
AS-25-FC-0928 নম্বৰৰ ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন ব্যক্তি।
IIT গুৱাহাটী আৰু জিলা আয়ুক্ত কাৰ্যালয় সংযোগী পথত সংঘটিত হয় এই দুৰ্ঘটনা।
নিহত লোকজন ৰাজস্থানৰ চিকৰ জিলাৰ তুলসী ৰাম শৰ্মা বুলি চিনাক্ত কৰা হৈছে।
নিৰ্মিয়মান পথৰ কামত নিয়োজিত আছিল লোকজন।
পথ নিৰ্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ ডাম্পাৰে মহতিয়াই নিয়ে নিহত তুলসী ৰাম শৰ্মাক ।
মৃত তুলসী ৰাম শৰ্মা আছিল, নিৰ্মিয়মান পথটোৰ ঠিকাদাৰ প্ৰীতম শৰ্মা আৰু অনুৰাগ তালুকদাৰৰ অধীনত কৰ্মৰত ।
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰ খনৰ চালক গৰাকী।
ইতিমধ্যে উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খন ।
মৃতদেহ চমজাই দিয়ে পৰিয়ালৰ লোকক।












