গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত নালিয়াত জঘণ্য কাণ্ড। চকলেটৰ প্ৰলভন দেখুৱাই এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক ধৰ্ষন কৰাৰ অভিযোগ ছাহজাহান আলী নামৰ এজন যুৱকৰ বিৰুদ্ধে। গোলকগঞ্জ থানাৰ নালিয়া আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল।
কালি সন্ধিয়াৰ সময়ত নালিয়াৰ মানসিক বিকাৰগ্ৰস্ত যুৱতী গৰাকীক একে গাঁৱৰে ছাহজাহান আলী নামৰ লম্পট যুৱক জনে চকলেটৰ প্ৰলভোন দেখুৱাই আন্ধাৰত লৈ কু কাণ্ড সংঘটিত কৰে বুলি অভিযোগ উত্থাপিত হৈছে।
এই ঘটনা সংঘটিত হোৱাৰ পিছতেই গাঁৱ খনৰে একাংশ মাতব্বৰে ঘনটা শালিসী বিচাৰ কৰিব বিচাৰে। কিন্তু ভুক্তভোগী যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে অমান্তি হৈ আজি এজাহাৰ দাখিল কৰে। নালিয়া আৰক্ষীয়ে ইতিমধ্যেই যুৱতী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে।











